সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ বিলোপ আৰু কিছু কথা

 উদ্দীপ্ত হাজৰিকা


  ভাৰতবৰ্ষৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিলোপ সাধনৰ পাছত বিভিন্ন মহলৰ পৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া -ব্যক্ত কৰা হৈছিল। ইয়াৰ কিছু প্ৰতিক্ৰিয়া আহিছিল দেশৰ আভ্যন্তৰীণ মহলৰ কিছু শিবিৰৰ পৰা, যিসকলে বিভিন্ন কাৰণত জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ সন্দৰ্ভত সংবিধানৰ ৩৭০ নং অনুচ্ছেদত থকা উপবন্ধসমূহ বাহাল থকাতো বিচাৰে। অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনজাতিৰ বাবে থকা সুৰক্ষামূলক সাংবিধানিক উপবন্ধৰ উৰ্দ্ধত এই সকল লোকে জম্মু আৰু কাশ্মীৰক স্থান প্ৰদান কৰে আৰু ক’বলৈ বিচাৰে যে এনেধৰণৰ সুৰক্ষা মূলক ব্যৱস্থাৰ জৰিয়তেহে দেশখনৰ ঐক্য আৰু সম্প্ৰীতি অটুট থাকিব পাৰে। তৎপৰ্যপূৰ্ণভাৱে আমাৰ দেশৰ একাংশ বাওঁ প্ৰগতিশীল লোকে আগবঢ়োৱা এনে যুক্তি ইছলাম ধৰ্মী মৌলবাদী সকলেও সজোৰে উৎথাপন কৰা দেখা যায়। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, বিশেষকৈ চুবুৰীয়া চীন আৰু পাকিস্তানে ভাৰতবৰ্ষৰ সংবিধানৰ এনে সুৰক্ষামূলক অনুচ্ছেদ বিলোপ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। ভাৰতবৰ্ষৰ সংবিধান সংশোধনীত  চীন বা পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বিচৰা ঘটনা সঁচাকৈয়ে তৎপৰ্যপূৰ্ণ আৰু দেশখনৰ সাৰ্বভৌমত্বৰ দৃষ্টিকোণৰ পৰা এক বিপদ জনক ৰাজনৈতিক পৰিঘটনা।

 ভাৰতবৰ্ষৰ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিলোপ সাধনৰ পাছত চীনে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া আছিল আটাইতকৈ চিন্তনীয়। নিজৰ আভ্যন্তৰীণ বিষয়ত পৃথিৱীৰ কোনো দেশে আনকি ভুমুকি মাৰি চাবলৈ সুযোগ নৰখা  তথাকথিত কমিউনিষ্ট দেশ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ  মুখপাত্ৰ গেং শ্বুৱাঙে ২০১৯ চনৰ অক্টোবৰ মাহত মন্তব্য দিছিল যে ভাৰতে চীনৰ কেতবোৰ অঞ্চলক অন্তৰ্ভুক্ত কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত অঞ্চল সৃষ্টি কৰাতো সমৰ্থনযোগ্য নহয়। মুখপাত্ৰ জনে বিবৃতি প্ৰদান কৰিছিল এনেদৰে- ”আমি এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰো। ভাৰতে চীনৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাই তেওঁলোকৰ আইন আৰু প্ৰশাসনত পৰিৱৰ্তন আনিছে। আমি চীনৰ সাৰ্বভৌমত্বক সম্মান জনাবলৈ ভাৰতক আহ্বান জনাইছো। লগতে দুয়োখন দেশৰ মাজত শান্তি চুক্তি মানি সীমান্তত শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছো।”
 জম্মু-কাশ্মীৰ আৰু লাডাখক  কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাৰ সিদ্ধান্ততো ভাৰতবৰ্ষৰ সংসদত গ্ৰহণ কৰা হৈছিল আৰু এনে এক সিদ্ধান্ত ল’বলৈ চীনৰ পৰা পৰামৰ্শ লোৱাৰ প্ৰশ্নই নুঠে। ভাৰতবৰ্ষই চীনৰ আভ্যন্তৰীণ বিষয়ত কোনো কালে মাত মতা নাই যদিও কেৱল নিজৰ কৰ্তৃত্ব সাব্যস্ত কৰিবলৈ বাৰম্বাৰ ভাৰতবৰ্ষৰ আভ্যন্তৰীণ বিষয়ত চীনে হস্তক্ষেপ কৰি আহিছে। ভৌগোলিক সম্প্ৰসাৰণবাদৰ স্বাৰ্থত অহনিৰ্শে দাঁতিকাষৰীয়া ৰাষ্ট্ৰৰ লগত সংঘাতত  লাগি থকা চীনে যে জম্মু আৰু কাশ্মীৰ ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ পৰা সততে বিচ্ছিন্ন হৈ থকাটো বিচাৰে তাক আজি সকলোৱে বুজি উঠিছে। সেয়েহে সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ  বিলোপ সাধনত আটাইতকৈ সৰৱ হৈ উঠিছে চীন।

উন্নয়নৰ বিষয়টোলৈ আহিছো। ভাৰতবৰ্ষৰ সংবিধানত  ৩৭০ নং অনুচ্ছেদ সংযোজন কৰাৰ বিশেষ কাৰণ আছিল আৰ্থ সামাজিক আৰু ৰাজনৈতিক দিশত জম্মু আৰু কাশ্মীৰবাসীয়ে এক স্বতন্ত্ৰ ক্ষমতা লাভ কৰি  তেওঁলোকে যাতে সৰ্বদিশত বিকাশ হোৱাৰ সুযোগ লাভ কৰে। কিন্তু বাস্তৱত সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ জৰিয়তে এচাম অভিজাত শ্ৰেণীৰ হাতত ব্যাপক অৰ্থ আৰু ক্ষমতা কেন্দ্ৰীভূত হোৱাৰ বাবে সাধাৰণ নাগৰিকৰ বিকাশ স্থবিৰ হৈ ৰ’ল। ২০১৯ ৰ ৫ আগষ্টত ভাৰতবৰ্ষৰ সংবিধানৰ পৰা ৩৭০ নং আৰু ৩৫ ক অনুচ্ছেদ বিলোপ কৰাৰ পিছত বিকাশ আৰু উন্নয়নৰ ভালেমান দুৰ্ভাগ্যজনক তথ্য পোহৰলৈ আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহত প্ৰকাশ পোৱা বাতৰি অনুসৰি প্ৰায় ছটা দশকত নতুন দিল্লীয়ে জম্মু  আৰু কাশ্মীৰৰ উন্নয়নৰ বাবে ৫১ হেজাৰ কৌটি টকা আবন্টন কৰিছে অথচ ৰাজ্য খন স্বাস্থ্য, শিক্ষা আৰু সংস্থাপনৰ দিশত দেশৰ ভিতৰতে পিছপৰা ৰাজ্য হৈ থাকিল। আনকি দেশৰ দুৰ্নীতিগ্ৰস্ত ৰাজ্য সমূহৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ স্থান হৈছিল পঞ্চম। পৰিসাংখ্যিক তথ্য অনুসৰি ১৯৫১-৫৬ চনৰ  প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা ২০০৭-১২ চনলৈ দেশত উন্নয়নৰ নামত ৫৭ লাখ কৌটি টকা ব্যয় কৰা হৈছে। ইয়াৰে ৫১ হাজাৰ কৌটি টকাহে জম্মু-কাশ্মীৰত ব্যয় কৰা হৈছিল। দেশত পৰিকল্পনাৰ অধীনত ব্যয় হোৱা মুঠ ধনৰ ১ শতাংশ ব্যয় কৰা হৈছিল জম্মু আৰু কাশ্মীৰত। দুৰ্ভাগ্যৰ কথা যে এই ধন ব্যয়ৰ পিছতো ৰাজ্যখনৰ বুনিয়াদী সমস্যা যেনে শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপন আদিৰ সমাধান ন’হল। ২০১৯ বৰ্ষলৈ খোৱা পানীৰ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ স্থান আছিল ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ ভিতৰত ১৯ তম। ৰাষ্ট্ৰীয় পৰ্যায়ত ৮৫.৫ শতাংশ খোৱা পানী উপলব্ধ হোৱাৰ বিপৰীতে ৰাজ্যখনত ৭৭ শতাংশ ঘৰতহে বিশুদ্ধ খোৱা পানীৰ সুবিধা আছে। ৰাজ্য খনত মহিলাৰ অৱস্থা অতিকৈ পিছপৰা। পুৰুষতান্ত্ৰিক জম্মু আৰু কাশ্মীৰত কৰ্মস্থানত মাত্ৰ ১৪ শতাংশহে  মহিলা আছে। অৰ্থাৎ সামাজিক-আৰ্থিক সকলো দিশত জম্মু আৰু কাশ্মীৰ আছিল বিকাশৰ সৰ্বনিম্ন স্তৰত। ব্যাপক দুৰ্নীতি, বিকেন্দ্ৰীকৃত ৰাজনীতিৰ সলনি এচামৰ হাতত শাসনৰ সকলো উৎস কেন্দ্ৰীভূত হোৱাৰ পৰিণতিত ৩৭০ৰ নিচিনা স্বায়ত্ব শাসনৰ অনুচ্ছেদেও সাধাৰণ ৰাইজক  উন্নয়নৰ সোৱাদ দিব পৰা নাছিল। অথচ এই অনুচ্ছেদ বিলোপৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে জম্মু আৰু কাশ্মীৰৰ বিকাশ চমৎকাৰজনক বুলি ক’ব পাৰি। আটাইতকৈ যোগাত্মক পৰিৱৰ্তনটোৱে হৈছে বিধিগত দিশৰ পৰা। প্ৰায় সাতটা দশক পাছত জম্মু আৰু কাশ্মীৰ এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভাৰতবৰ্ষৰ সংবিধানৰ লগতে প্ৰায় ৮৯০খন কেন্দ্ৰীয় আইন প্ৰণয়ন সম্ভৱ হৈ উঠিছে। তাৰ ভিতৰত আছে কেইবাখনো উল্লেখযোগ্য প্ৰগতিশীল আইন যেনে- অনুসূচীত জাতি আৰু জনজাতি (অত্যাচাৰ নিবাৰণ) আইন,১৯৫৪[The Scheduled Caste and the Scheduled Tribes (Prevention of Atrocities) Act] ,; দা  হুইচেল ব্লোৱাৰছ প্ৰটেকচন এক্ট,২০১৪ (The Whistle Blowers Protection Act), ১৯৯৩ চনৰ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আইন (The National Commission for Safai Karmacharis  Act 1993), অনুসূচীত  জনজাতি আৰু অন্য পাৰম্পৰিক   বন‍্যবাসী (বন অধিকাৰ স্বীকৃতি প্ৰদান) আইন [The Scheduled Tribes and other Traditional Forest Dwellers (Recognition of Forest Rights) Act 2009]  সংখ্যালঘু ৰাষ্ট্ৰীয় আয়োগ আইন (The National Commission for Minorities Act), ২০০৯ ৰ শিক্ষাৰ অধিকাৰ আইন( The Rights of Children to Free and Compulsory Education Act 2009) তথ্য জনাৰ অধিকাৰ আইন(Rights to  Information Act,2005) আদিয়েই প্ৰধান।

গাঁথনিগত এনে পৰিৱৰ্তন লগতে জম্মু আৰু কাশ্মীৰৰ বহু আবাসী, যিসকলক পূৰ্বতে নাগৰিকৰ মান্যতা দিয়া হোৱা নাছিল, সেই সকলক নাগৰিকৰ অধিকাৰ দিয়া হৈছে। ইয়াৰ ভিতৰত আছে প্ৰায় দহহাজাৰ পৌৰ কৰ্মচাৰী তথা হাজাৰ-বিজাৰ দলিত আৰু অন্যান্য জনজাতীয় লোক। একেদৰে স্ব-ভূমিৰ পৰা উচ্ছেদিত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ লোক আৰু পশ্চিম পাকিস্তানৰ পৰা জীৱনৰ মায়াত পলাই আহি শৰণাৰ্থীৰ জীৱন যাপন কৰা লোকলকলকো পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। সুদীৰ্ঘ প্ৰায় সাতটা দশক ধৰি গণতান্ত্ৰিক অধিকাৰ, সমতা আদিৰ প্ৰসংগক এক বিশেষ সাংবিধানিক সুৰক্ষাৰ অজুহাতত ঢাকি ৰখাৰ যি অপচেষ্টা কৰা হৈছে সেইবোৰ সম্প্ৰতি ক্ৰমান্বয়ে দেশবাসীৰ আগত খোল খাবলৈ ধৰিছে।

(প্ৰবন্ধৰ মন্তব্য লেখকৰ নিজা। লেখকৰ ই-মেইলঃ uddiptah@gmail.com)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s